মিঠা মিঠা আজি সপোনৰে

অজানিতে চোৱা মন ভৰে

দূৰণিৰে তৰাটিহে যেন

জ্বলিলেহি আজি মনে মনে

অ’ হৃদয়তে কিযে মৰমেৰে

বুকু ভৰা বহু মৰমেৰে ।

 

তুমি মোৰে

তুমি মোৰে যে

কত জনমৰে মোৰ আপোন যে

তুমি সপোন, তুমি সুবাস

মোৰ আকাশৰে তুমি পোহৰ যে

মনে আজি পাখি মেলে

সৌ চোৱা কিনো ৰঙে

হিয়া ভৰে ।

 

মোৰ উশাহৰ মোৰ প্ৰণয়ৰ

মোৰ জীৱনৰে তুমি স্পন্দন যে

মোহনীয়া মোৰ তুমিয়ে

স্মৃতিয়ে যে নিতে মোক মাতে

সংগোপনে আলফুলে

ৰঙে ৰঙে কিনো ৰঙে

হিয়া ভৰে ।।